কাবুলী চানা কুয়েচাদিলা
উপাদানসমূহ:
- সিজোৱা কাবুলী চানা- 30 গ্ৰাম
- 1 কণী [অমলেট] -20 গ্ৰাম
- চীজৰ টুকুৰা-15 গ্ৰাম
- 1 ঘেঁহুৰ টৰ্টিলা/ৰুটি-20 গ্ৰাম
- পিঁয়াজ-20 গ্ৰাম
- কেপচিকাম-20
- গাজৰ-20 গ্ৰাম
- ধনিয়া পাত-5 গ্ৰাম
- সেউজীয়া জলকীয়া 1
- নহৰু- 2 ফোটা
- চিলি ফ্লেক্স-1 চাহ চামুচ
- অৰেগানো-1 চামুচ
- হালধি গুৰি-1 চাহ চামুচ
- সোৱাদ অনুসৰি নিমখ
- তেল-5 গ্ৰাম
পুষ্টিকাৰক মূল্য:
শক্তি: 296.32 কিলোকেলৰি
প্ৰ'টিন: 14.46 গ্ৰাম
পদ্ধতি:
- কেৰাহীত তেল গৰম কৰি তাত কটা নহৰু, সেউজীয়া জলকীয়া আৰু পিঁয়াজ দিব। আধা ভজা হোৱালৈকে সিজিবলৈ দিব।
- এতিয়া আন সকলো কটা পাচলি যোগ দিয়ক আৰু এক মিনিটৰ বাবে ভাজক।
- তাৰ লগত সিজোৱা আৰু টুকুৰা টুকুৰ কৰা কাবুলী চানা আৰু সকলো মছলা দি ভালদৰে মিহলাই লওক। 1-2 মিনিট ৰান্ধক।
- গোটা ঘেঁহুৰ ৰুটি/টৰ্টিলা লওক, ইয়াক কণীৰে লেয়াৰ কৰক, তাৰ পিছত কাবুলী চানাৰ ফিলিং যোগ দিয়ক, আৰু চাৰ ওপৰত অলপ চীজ কুটি দিয়ক।
- এতিয়া টৰ্টিলাটো ভাঁজ কৰক আৰু মচমচীয়া নোহোৱালৈ দুয়োফালে টোষ্ট কৰক আৰু গৰমে গৰমে পৰিৱেশন কৰক।