বেচন পাচলি চিলা
উপাদানসমূহ:
বেচন – 100 গ্ৰাম
কটা পিঁয়াজ – 30 গ্ৰাম
কটা বিলাহী – 30 গ্ৰাম
সেউজীয়া জলকীয়া- 1
আদা সৰু টুকুৰা
বন্ধাকবি- 25 গ্ৰাম
গাজৰ- 25 গ্ৰাম
হালধি গুৰি- 1⁄4 চাহ চামুচ
জলকীয়া গুৰি- 1⁄4 চাহ চামুচ
ধনিয়া পাত- 30 গ্ৰাম কটা
তেল- ভজাৰ বাবে 25 মিলি কাপ
সোৱাদ অনুসৰি নিমখ – 1 চাহ চামুচ
পুষ্টিকাৰক মূল্য:
শক্তি: 650 কিলোকেলৰি
প্ৰ'টিন: 24.33 গ্ৰাম
পদ্ধতি:
- 1 কাপ বেচন 1 টা ডাঙৰ বাটিত লওক।
- তাৰ পিছত কটা পাচলি যেনে পিয়াজ, বিলাহী, গাজৰ, বন্ধাকবি, সেউজীয়া
- জলকীয়া আৰু কটা ধনিয়া পাত যোগ দিয়ক
- কুটি থোৱা আদা, হালধি, জলকীয়া গুৰি আৰু সোৱাদ অনুসৰি নিমখ দিব
- ডাঠ পেষ্ট তৈয়াৰ কৰিবলৈ পানী যোগ দিয়ক।
- এই পেষ্টটো দোছাৰ দৰে নন-ষ্টিক টাৱাত বহলাই দিয়ক।
- প্ৰয়োজন অনুসৰি তেল দি দুয়োফালে পেনকেকবোৰ ভাজক।