Humrahi

ওটচ মুগ ডাল চিলা

Oats Moong Dal Chilla

উপাদানসমূহ:

  • মুগ দাইল- 1 বাটি (হালধীয়া)
  • মাটি দাইল- 1/4 বাটি
  • ওটচ- 1/4 বাটি
  • সেউজীয়া জলকীয়া-1
  • আদাৰ সৰু টুকুৰা
  • বন্ধাকবি- 1/2 বাটি
  • গাজৰ- 1/2 বাটি
  • হালধি গুৰি- 1/4 চাহ চামুচ
  • জলকীয়া গুৰি- 1/4 চাহ চামুচ
  • ধনিয়া পাত- 2 চাহ চামুচ কটা
  • তেল- ভাজিবলৈ 1/4 কাপ
  • পানী- দাইল গুৰি কৰিবলৈ 1/4 ৰ পৰা 1/2 কাপ
  • নিমখ সোৱাদ অনুসৰি

পুষ্টিকাৰক মূল্য:

শক্তি: 162 কিলোকেলৰি
প্ৰ'টিন: 7.4 গ্ৰাম

পদ্ধতি:

  • মুগ দাইল আৰু মাটি দাইল পানীত 2 ঘণ্টাৰ বাবে তিয়াই ৰাখক।
  • মিক্সাৰ এটাত তিয়াই থোৱা দাইল, সেউজীয়া জলকীয়া, আদা আৰু ওটচ যোগ দিয়ক। অৰ্ধ-তৰল পেষ্ট এটা তৈয়াৰ কৰিবলৈ প্ৰয়োজন অনুসৰি পানী মিহলি কৰি গুৰি কৰক।
  • পেষ্টখিনি এটা বাটিলৈ স্থানান্তৰ কৰক, নিমখ, হালধি গুৰি আৰু জলকীয়া গুৰি দিয়ক। কাষতে ৰাখক।
  • এটা বাটিত কুটি লোৱা কবি, বিলাহী, ধনীয়া পাত দিব। নিমখ দি মিহলাই লওক
  • মুগ দাইলৰ পেষ্টটো নন-ষ্টিক টাৱা-সদৃশ দোচাত বিয়পাই দিয়ক। বন্ধাকবিৰ মিশ্ৰণটো তাৰ ওপৰত ছটিয়াই দিয়ক।
  • প্ৰয়োজন অনুসৰি তেল দি দুয়োফালে পেনকেকবোৰ ভাজক।
  • সুস্বাদু মুগ দাইল ওটচ চিলা ধনিয়া-পডিনা চাটনিৰ সৈতে পৰিৱেশন কৰিবলৈ সাজু।

আপুনিও ভাল পাব পাৰে