গোটা ঘেঁহুৰ চিকেন ডাম্পলিং
উপাদানসমূহ:
- গোটা ঘেঁহুৰ আটা - ৬০গ্ৰাম
- তেল – ১০মিলিলিটাৰ
- কিমা কৰা চিকেন- ১০০গ্ৰাম
- কিমা কৰা পিঁয়াজ – ৫০গ্ৰাম
- কেপচিকাম – ৫০গ্ৰাম
- বিলাহী – ৫০গ্ৰাম
- আদা – ৫গ্ৰাম
- ধনীয়াৰ পাত – ৮-১০ টা
- ৰুচি অনুসৰি নিমখ
পুষ্টিকাৰক মূল্য:
কেলৰি - কিলোকেলৰি
প্ৰটিন - ২৯ গ্ৰাম
পদ্ধতি:
- কেৰাহীত ১ চামুচ তেল দিব - পিয়াঁজ, নহৰু, আদা, উল্লেখিত শাক-পাচলি আৰু কুটি লোৱা চিকেন দিব, ৰুচি অনুসৰি নিমখ দিব আৰু ১৫ মিনিট ৰান্ধিব।
- ডাম্পলিঙৰ বাবে ফিলিঙটো সাজু হৈছে – আন এখন প্লেটত স্থানান্তৰিত কৰি অলপ সময় সিজিবলৈ দিয়ক।
- ইতিমধ্যে গোটা ঘেঁহুৰ আটাত নিমখ এচিকুট, ১ চামুচ তেল, আৰু পানী দি মথি ল'ব। কোমল হোৱালৈকে মথি অলপ সময় কাষত ৰাখিব।
- ড' খিনি ৭-৮ টা সমান অংশত ভাগ কৰি তাৰ পৰা সৰু সৰু বল বনাই বলবোৰ ঘূৰণীয়া আকৃতিত চেপেটা কৰি লওক।
- মাজত এচামুচ ফিলিং ৰাখি সাঁচ ব্যৱহাৰ কৰি ডাম্পলিঙৰ আকৃতি দিব বা সকলো ফাল একেলগে গোটাই পিটিকি দিব পাৰে।
- প্লেটত তেল দি ভাপত ২০-৩০ মিনিট ৰাখিব।
- বাহিৰৰ ড' সিজিছে নে নাই পৰীক্ষা কৰি গৰমে গৰমে পৰিবেশন কৰক।