Humrahi

ডায়েবেটিছৰ গোপন বিপদৰ উন্মোচন

ডায়েবেটিছ হৈছে সমগ্ৰ পৃথিৱীৰ লাখ লাখ লোকক প্ৰভাৱিত কৰা এবিধ জটিল ৰোগ। যিহেতু বেছিভাগ লোকেই ডায়েবেটিছৰ সৈতে জড়িত থকা বিপদাশংকাসমূহৰ বিষয়ে নাজানে, সেয়েহে তেওঁলোকে হয়তো কেৱল নিজৰ ব্লাড ছুগাৰৰ মাত্ৰা স্বাভাৱিক পৰিসৰৰ ভিতৰত আছে নে নাই তাৰ প্ৰতিহে মনোযোগ দিয়ে। ডায়েবেটিছে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি সৰ্বাত্মক প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে হয়তো আপুনিও সচেতন নহয়।

অনলাইনত অজস্ৰ তথ্য-পাতি থকা সত্বেও ডায়েবেটিছৰ সৈতে জড়িত থকা গোপন বিপদাশংকাবোৰ সম্পূৰ্ণৰূপে বুজি পাবলৈ, আপোনাৰ এনেকুৱা জ্ঞান থাকিব লাগিব যিবোৰ চিকিৎসাশাস্ত্ৰৰ ফালৰপৰা সত্য বুলি প্ৰমাণিত হৈছে। আপোনাক কিংকৰ্তব্যবিমূঢ় কৰি তোলা স্বাস্থ্যনিত সমস্যাসমূহৰ মাজেৰে বাট দেখুৱাই আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰি তোলাৰ বাবে স্বাস্থ্যৰ দুৰুহ কাৰ্যতন্ত্ৰটো উন্মোচন কৰি, আপোনাৰ চিকিৎসা বৃত্তিধাৰী লোকজনে আপোনাৰ সাৰথি বা হমৰাহী হিচাপে কাম কৰে।

ডমিনো ইফেক্ট
এক ডমিনো শৃংখলৰ দৰেই, ডায়েবেটিচৰ ফলত ভালেসংখ্যক জটিল শৰীৰতাত্বিক পৰিৱৰ্তন সংঘটিত হয় যি আপোনাৰ সাধাৰণ স্বাস্থ্য আৰু সুস্থতাক গুৰুতৰভাৱে বিপদত পেলাব পাৰে। বৰ্ধিত ব্লাড ছুগাৰে ৰক্তবাহী নলীকাবোৰ ক্ষতিগ্ৰস্ত কৰে, স্নায়ুবোৰ ধ্বংস কৰে আৰু বৃক্ক, হৃদযন্ত্ৰ তথা চকু দুটাৰ ওপৰত এক বিৰূপ প্ৰভাৱ পেলায়। তদুপৰি, এইটো হৈছে কেৱল আৰম্ভণিহে মাত্ৰ। ডায়েবেটিছে সৃষ্টি কৰা ক্ষতিৰ পৰিমাণ সম্পূৰ্ণৰূপে বুজি পাবলৈ, এই মনৰ ভাৱ বিনিময় কামটো কৰি চাওঁ আহক।

অগতানুগতিক নাড়ীবেগ: হৃদযন্ত্ৰৰ সমস্যাসমূহ
হৃদৰোগ আৰু ডায়েবেটিছ হৈছে ইটোৰ লগত সিটোৰ সম্বন্ধ থকা বিকাৰ যি পৰস্পৰৰ প্ৰকোপ অধিক শোচনীয় কৰি তোলে। ৰক্তবাহী নলীকাবোৰৰ ক্ষতিসাধন কৰিবলৈ প্ৰদাহ, উচ্চ ব্লাড ছুগাৰ আৰু শৰীৰৰ অতিৰিক্ত চৰ্বিয়ে একেলগ হৈ কাম কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হয়। উচ্চ ৰক্তচাপ থকা লোকসকলৰ ক্ষেত্ৰত হাৰ্ট এটেক, ষ্ট্ৰোক, হৃদযন্ত্ৰৰ বিফলতা আৰু ইয়াৰ লগত জড়িত সহ-ৰুগ্নতা সমস্যাসমূহৰ দৰে ৰক্তপৰিবহনতন্ত্ৰজনিত বিকাৰসমূহ বৃদ্ধি পোৱাৰ এক বিপদাশংকা থাকে।

নিষ্কাষণ দোমোজা: বৃক্ক ৰোগ
দূৰাৰোগ্য বৃক্ক ৰোগৰ প্ৰাথমিক কাৰণটো হৈছে চিকিৎসাজনিতভাৱে বৃদ্ধি পোৱা ব্লাড ছুগাৰ, যি প্ৰস্ৰাৱৰ জৰিয়তে তেজৰ পৰা অতিৰিক্ত গ্লুকোজ অপসাৰণ কৰিবলৈ বৃক্কদ্বয়ৰ ওপৰত অত্যাধিক হেঁচা প্ৰয়োগ কৰে। বৃক্কদ্বয়ৰ ওপৰত পৰা চাপৰ ফলস্বৰূপে, ই কোষকলাবোৰ নিৰ্জলীকৃত বা ডিহাইড্ৰেট কৰাৰ লগতে বৃক্কদ্বয়ৰ ভিতৰত থকা ৰক্তবাহী নলীকাৰ থোপাবোৰ আৰু নিষ্কাষক গোটবোৰ ধ্বংস কৰে, প্ৰস্ৰাৱৰ ভিতৰলৈ প্ৰ'টিন বিৰিঙি যায় আৰু তাৰ ফলত অৱশেষত বৃক্ক ৰোগ হয়।

ধৰাশায়ী: কৰ্কটৰোগ
শেহতীয়া মহামাৰী বিজ্ঞান সংক্ৰান্তীয় গৱেষণাই কৰ্কটৰোগৰ বৰ্ধিত বিপদাশংকাৰ সৈতে ডায়েবেটিছৰ এক যোগসূত্ৰ স্থাপন কৰিছে, লগতে আনকি এই কথাও কোৱা হৈছে যে প্ৰাক-ডায়েবেটিছে কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে। প্ৰাক-ডায়েবেটিচ আৰু ডায়েবেটিচৰ ক্ষেত্ৰত, ইনচুলিনৰ বৰ্ধিত মাত্ৰা আৰু শৰীৰৰ তৰল পদাৰ্থ পৰিবাহী নলীকাবোৰৰ প্ৰদাহে কৰ্কট ৰোগৰ কাৰক কোষবোৰৰ গঠনত উদগনি যোগায়; যি অন্যান্য মাৰাত্মক ৰোগসমূহৰ লগতে যকৃত, অগ্ন্যাশয়, মলাশয়, আন্তঃগৰ্ভাশয়, স্তন আৰু মূত্ৰাশয়ৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

অন্ধত্বৰ ক্ষেত্ৰখন: চকুৰ সমস্যাবোৰ
ডায়েবেটিছৰ বহুতো চকুত নপৰা পাৰ্শ্বক্ৰিয়া আছে, কিন্তু চকুৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সহজেই দেখা পোৱা যায়। ডায়েবেটিছ ৰোগীৰ ৰেটিনাৰ ৰক্তবাহী নলীকা প্ৰভাৱিত হোৱা আৰু চকুৰ লেন্স উখহি যোৱাৰ ফলত ডায়েবেটিক ৰেটিনোপেথি, ডায়েবেটিক মেকুলাৰ এডিমা, ছানি পৰা আৰু গ্লুকোমাৰ দৰে বিকাৰসমূহ গঢ়ি উঠিব পাৰে। চিকিৎসা নকৰাকৈ থাকিলে ইয়াৰ ফলত অন্ধত্ব হ'ব বা দৃষ্টিশক্তি হেৰুৱাব পাৰে।
ডায়েবেটিচ আৰু অন্যান্য ৰোগসমূহৰ মাজত থকা অকথিত সম্পৰ্কবোৰ জনাটোৱে আপোনাৰ নিজৰ স্বাস্থ্য নিয়ন্ত্ৰণত ৰখা, নিজকে শিক্ষিত কৰি তোলা আৰু নিজৰ অৱস্থাটোৰ ওপৰত নজৰ ৰখাৰ লগতে অধিক শোচনীয় হৈ পৰা জটিলতাবোৰ পৰিহাৰ কৰিবৰ বাবে কেতবোৰ প্ৰতিৰোধমূলক উপায় বিচাৰি উলিয়াবলৈ আপোনাক আত্মবিশ্বাস প্ৰদান কৰে।