Humrahi

আপোনাৰ খাদ্যৰ পৰা ছুগাৰ হ্ৰাস কৰিবৰ বাবে কেতবোৰ ব্যৱহাৰিক পৰামৰ্শ

প্ৰধান আহাৰ, সুস্বাদু খাদ্য আৰু মিঠাইসমূহকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীত থকা ইয়াৰ উপস্থিতিৰ যোগেদি, চেনীয়ে (ছুগাৰ) আধুনিক আহাৰত এক মূখ্য ভূমিকা গ্ৰহণ কৰিছে। প্ৰাপ্তবয়স্ক লোকসকলে তেওঁলোকৰ নিজৰ দৈনিক চেনী খোৱাৰ মাত্ৰা 30 গ্ৰামলৈ সীমিত কৰাৰ বিপৰীতে শিশুসকলে 24 গ্ৰামলৈকে খাব পাৰে। অনুমোদিত পৰিমাণতকৈ অধিক চেনী খোৱা বা সেৱন কৰা মুঠ কেলৰিৰ দহ শতাংশই মেদবহুলতালৈ লৈ যাব পাৰে আৰু ডায়েবেটিচৰ আশংকা বৃদ্ধি কৰিব পাৰে। ছুগাৰৰ সৈতে জড়িত থকা স্বাস্থ্যৰ সমস্যাবোৰ হ্ৰাস কৰিবৰ বাবে চেনীৰ সেৱন হ্ৰাস কৰাটোৱেই হৈছে আটাইতকৈ সক্ৰিয় পদ্ধতি।

ডায়েটিচিয়ান, নিউট্ৰিশ্যন এছিষ্টেন্স আৰু হমৰাহী-ৰ দৰে বিভিন্ন এপ্লিকেশ্যন আৰু প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰি চিকিৎসাৰ নীতি-নিয়ম মানি চলাটোৰ লগতে ফলাফলসমূহ উন্নত কৰিবৰ বাবে ৰোগীসকলে ব্যক্তিগতকৃত খাদ্য, পুষ্টি আৰু জীৱনশৈলী নিয়ন্ত্ৰণৰ পৰামৰ্শ লাভ কৰিব পাৰে। তাৰোপৰি, কিছুমান প্লেটফৰ্মে বিনামূলীয়া ব্লাড ছুগাৰ পৰীক্ষা আৰু নিৰীক্ষণৰ লগতে ইনচুলিন কেনেদৰে সঠিকভাৱে ইঞ্জেক্ট কৰিব লাগে তাৰো নিৰ্দেশনা প্ৰদান কৰে। আপোনাৰ হেঁপাহবোৰ পূৰণ কৰিবলৈ আৰু চেনীৰ গোপন উৎসসমূহৰ ঠাইত কেতবোৰ স্বাস্থ্যকৰ বিকল্প প্ৰদান কৰিবলৈ ইয়াত কিছুমান দীৰ্ঘম্যাদী জীৱনশৈলী পৰিৱৰ্তনবিধি দিয়া হৈছে।

পুষ্টিকৰ পানীয় নিৰ্বাচন কৰক
পানী খোৱাটো খুবেই ভাল। আপোনাৰ মাজে মাজে মিঠা পানীয়ৰ প্ৰতি হেঁপাহ জাগিলেও, ছ'ডা আৰু এনাৰ্জি ড্ৰিংকৰ দৰে প্ৰসংস্কৰিত পানীয়বোৰৰ পৰা আঁতৰি থাকিব। তাৰ পৰিৱৰ্তে শাক-পাচলিৰ ৰস, ভেষজ চাহ, ফল-মূলৰ মিহি ঘোল আৰু মিঠা নিদিয়া কফি বাছি ল'ব। শৰীৰটো হাইড্ৰেশ্যন বা জলসমৃদ্ধ কৰি ৰখাৰ সৰ্বোত্তম বিকল্পবোৰ হৈছে নেমুৰ চৰ্বত, সৰভাগ আঁতৰাই লোৱা গাখীৰ, নাৰিকল পানী আৰু ঘৃত কুমাৰীৰ ৰস।

মিঠা ফল-মূল খোৱাটো হ্ৰাস কৰক
আপোনাৰ মিঠা খোৱাৰ হেঁপাহ পূৰণ কৰাৰ ক্ষেত্ৰত ফল-মূলেই হৈছে এক পুষ্টিভৰা, স্বাস্থ্যকৰ বিকল্প। সকলো ফলতেই ছুগাৰ থাকে যদিও কিছুমান ফল যেনে আম আৰু কলত অন্যান্য ফলতকৈ অধিক ছুগাৰ থাকে। অধিক পৰিমাণে ছুগাৰ থকা ফলবোৰ পৰিহাৰ কৰিব লাগে; তাৰ পৰিৱৰ্তে, এভোকাডো, ষ্ট্ৰবেৰী, ব্লেকবেৰী, পীচ, নেমু, তৰমুজ, কমলা আৰু আঙুৰকে ধৰি কম ছুগাৰ থকা বিকল্পবোৰ বাছি ল'ব। চেনী দিয়া মিঠাইবোৰ পৰিত্যাগ কৰিব
প্ৰায় সকলো মিঠাইয়েই চেনীৰে ভৰপূৰ হৈ থাকে আৰু কোনো পুষ্টিকৰ উপাদান নাথাকে। এইবোৰৰ পৰা ব্লাড ছুগাৰ হঠাতে বৃদ্ধি পোৱাৰ বিপৰীতে আপোনাক ভাগৰুৱা কৰি তোলে আৰু অধিক চেনী খাবলৈ আতুৰ কৰি তোলে। আপোনাৰ মিঠা খোৱাৰ তীব্ৰ হেঁপাহ পূৰণ কৰিবলৈ আপুনি খাদ্যত কম ছুগাৰযুক্ত মিঠাই যেনে 70 শতাংশ কোকো ডাৰ্ক চকলেট, ক্ৰীমৰ সৈতে সেকা ফল আৰু ডালচেনি, জাঁইফল আদিৰ দৰে মচলাৰ সৈতে দৈ অন্তৰ্ভুক্ত কৰিব পাৰে।

খাদ্যবস্তুৰ লেবেলবোৰ পঢ়ক
প্ৰসংস্কৰিত আৰু টেমাৰ খাদ্য সামগ্ৰীবোৰত সংযোজিত বা অতিৰিক্ত চেনী থাকে, সেয়েহে খাদ্যবস্তুৰ লেবেলবোৰ চাই ল'ব। সেইবোৰত পৰিমাণ অনুসৰি সকলো উপাদান তালিকাভুক্ত কৰা থাকে, আৰু তালিকাখনত চেনী যিমানেই বেছি থাকিব, সেইবোৰ আপোনাৰ মোনাৰ পৰা সিমানেই বাহিৰত ৰাখিব। পৰিহাৰ কৰিবলগীয়া চেনী বা ছুগাৰ থকা সামগ্ৰীসমূহৰ সমাৰ্থক শব্দবোৰ হৈছে ছুক্ৰোজ, মাল্টোজ, ডেক্সট্ৰোজ, ফ্ৰুক্টোজ, গ্লুকোজ, গেলাক্টোজ, লেক্টোজ আদি।

কমকৈ আৰম্ভ কৰক
ঘৰৰ আলমাৰী আৰু ৰেফ্ৰিজেৰেটৰটো অধিক ছুগাৰ থকা সামগ্ৰীৰে বৰকৈ ভৰ্তি কৰি নাৰাখিব। তথাপিও, কিছুমান খাদ্য ছুপাৰমাৰ্কেটৰ দোকানত থাকিবই আৰু ৰাতিৰ আহাৰত প্ৰৱেশ কৰিবলৈ নিজৰ বাট বিচাৰি ল'বই। সেয়েহে, ঘৰখনত থকা সকলো বস্তুৰ অধিক ছুগাৰ থকা উপাদান হ্ৰাস বা সলনি কৰিবলৈ চেষ্টা নকৰিব। এটা বা দুটা বস্তু বাছি ল'ব, তাৰ পিছত লাহে লাহে অধিক বস্তু অন্তৰ্ভুক্ত কৰি যাব।

চেনী হ্ৰাস কৰাটো আৰু অৱশেষত ইয়াক এৰি দিয়াটো কঠিন হ'ব পাৰে, কিন্তু ডায়েবেটিছত আক্ৰান্ত তথা অধিক স্বাস্থ্যৱান হ'বলৈ যত্ন কৰি থকা যিকোনো লোকৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এই সহজে কাৰ্যকৰী কৰিব পৰা পৰামৰ্শবোৰৰ যোগেদি, আপোনাৰ হেঁপাহখিনি আপুনি পূৰণ কৰিব পাৰে আৰু চেনী সেৱন কৰাটো উল্লখনীয়ভাৱে হ্ৰাস কৰিব পাৰে। কিন্তু সদায়ে সাৱধানে থাকিবলৈ নাপাহৰিব, প্ৰতিটো সৰু-সুৰা সাফল্যক মানি ল'ব তথা প্ৰশংসা কৰিব আৰু অৱস্থা ভাললৈ অহাৰ লগে লগে কেতিয়াও এইবোৰ পৰিত্যাগ নকৰিব। যদি আপুনি নিজকে এদিন ঠগে তেনেহ'লে সেইসাঁজ ভোজন উপভোগ কৰক, কিন্তু তাৰ পিছত নিজকে প্ৰত্যাহ্বান জনাব যাতে পুনৰ পিছল নাখায় আৰু নিজৰ স্বাস্থ্যৰ উপকাৰ সাধন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখে।(64)