Humrahi

মগু দাইল চিকেন পিজ্জা

উপাদানসমূহ:

  • সেউজীয়া মগু দাইল – ১ কাপ, 
  • ওটছ [গুড়ি] – ২ চামুচ,
  • চিকেন – ৫০গ্ৰাম,
  • জলকীয়াৰ গুড়ি – ১ চামুচ,
  •  গৰম মছলা – ১ চামুচ,
  • হালধীৰ গুড়ি – ১ চামুচ,
  • দৈ – ১ চামুচ
  • ধনীয়াৰ গুড়ি – ১ চামুচ,
  • পিঁয়াজ – ১ [কটা],
  • বিলাহী – 1⁄2 [গ্ৰেট কৰা],
  • ধনীয়াৰ পাত - ২ চামুচ,
  • কেপচিকাম – ২ চামুচ [সৰু টুকুৰা],
  • গ্ৰেটেড পনিৰ/ চীজ – ২ চামুচ,
  •  জালুকৰ গুড়ি – ১ চামুচ,
  • নিমখ – সোৱাদ অনুসৰি,
  • তেল – ১ চামুচ
  •  জলকীয়াৰ টুকুৰা – ১ চামুচ
  •  অৰেগানো – ১ চামুচ

পুষ্টিকাৰক মূল্য:

কেলৰি – ৫২৪ কিলোকেলৰি
প্ৰটিন - ৪২গ্ৰাম

পদ্ধতি:

  1. ১ কাপ সেউজীয়া মগু দাইল ৰাতিটো তিয়াই থব
  2. পিছদিনা ৰাতিপুৱা অলপ পানী আৰু ওটছ দি পিহি পেষ্ট কৰি লওক।
  3. অলপ নিমখ দি ৩০ মিনিট ৰাখি দিব।
  4. এটা বাটিত চিকেন, চিলি পাউদাৰ, গৰম মছলা, ধনীয়া গুৰি, হালধি পাউদাৰ, দৈ, জালুকৰ পাউদাৰ আৰু নিমখ দি ৩০ – ৪০ মিনিট মেৰিনেট কৰি লওক।
  5. এখন ননষ্টিক কেৰাহীত তেল গৰম কৰক, তাত মেৰিনেট কৰা মাংসখিনি দি দুইফালে এক সোণালী বৰণ নহালৈকে ভালদৰে ভাজক, আৰু সৰু সৰু টুকুৰা কৰি দিয়ক।
  6. এটা বাটিত বিলাহী, চিকেন, পিয়াজ, কেপচিকাম আৰু ধনীয়া পাত, জালুকৰ গুড়ি আৰু নিমখ দি সকলোখিনি ভালদৰে মিহলাই লওক।
  7. এখন তাৱা / কেৰাহীত অলপ ঘিউ বা তেল দি মিশ্ৰণটো চেপেটা কৰি মেলি দি এটা বেচ/ভেটি গঠন কৰিব।
  8. টপিংছ আৰু গ্ৰেটেড পনীৰ/চিজ দি সেউজীয়া পাচলি আৰু জলকীয়াৰ ফ্লেক ছটিয়াই দিব। কেইমিনিটমানৰ বাবে ঢাকনিৰে ঢাকি দিব আৰু পিজ্জা পৰিবেশন কৰিবলৈ সাজু হ’ব।

আপুনিও ভাল পাব পাৰে