Humrahi

পৰিয়াল আৰু যত্ন লোৱা লোকে হৃদযন্ত্ৰ বিকলতাৰ ৰোগীক কেনেকৈ সহায় কৰিব পাৰে

হৃদযন্ত্ৰ বিকলতাৰ ব্যৱস্থাপনা সাধাৰণতে সহজ নহয়। শাৰীৰিকভাৱে বহু হৃদযন্ত্ৰ বিকলতাৰ ৰোগীয়ে পূৰ্বতে কৰিব পৰা কামবোৰ কৰিবলৈ প্ৰায়ে অক্ষম হয়। তেওঁলোকে জীৱনশৈলীৰ পৰিৱৰ্তন কৰাৰ লগতে প্ৰেছক্ৰিপচনত লিখা দৰৱ খোৱা, নিজৰ শৰীৰৰ প্ৰতি অধিক মনোযোগ দিয়া, মানসিক চাপ চম্ভালাৰ কথাও মনত ৰাখিব লাগে। যত্ন লোৱাৰ ক্ষেত্ৰত জীৱন সংগী, পৰিয়াল, বন্ধু-বান্ধৱ বা ওচৰ-চুবুৰীয়াৰ পৰা পোৱা সহায়ে হৃদযন্ত্ৰ বিকলতাৰ ৰোগীক তেওঁলোকৰ দীৰ্ঘদিনীয়া ৰোগ ব্যৱস্থাপনা কৰাত সহায় কৰিব পাৰে।

হৃদযন্ত্ৰ বিকলতাৰ ৰোগীক সহায় আগবঢ়াবলৈ কিছু পৰামৰ্শ::

  • দৈনন্দিন কাম যেনে- হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য প্ৰস্তুত কৰা, ক্ৰয় কৰা আৰু ৰন্ধা আদিত সহায় কৰা; সঠিক কেলৰি গ্ৰহণক উৎসাহিত কৰা; অস্বাভাৱিক ওজন হ্ৰাসৰ ওপৰত চকু ৰাখক।
  • স্পৰ্শ, শুনা, মনোযোগ, হাস্যৰসৰ মাধ্যমেৰে সহযোগিতা প্ৰদান কৰক।
  • খোজ কঢ়া, ভাৰসাম্য ৰক্ষা কৰা ব্যায়াম আৰু ৰোগৰ পৰ্য্যায়ৰ সৈতে খাপ খোৱা অন্যান্য কাৰ্য্যকলাপক উৎসাহিত কৰক।
  • প্ৰেছক্ৰিপচনত লিখা ঔষধ ল'বলৈ ফাৰ্মাচীলৈ যাওক, সাপ্তাহিক টেবলেট অৰ্গেনাইজাৰ তৈয়াৰ কৰক আৰু ওষধ শেষ হ'লে পুনৰ অনা (ৰিফিল) আৰু পুনৰ অৰ্ডাৰৰ ৰিমাইণ্ডাৰবোৰ চম্ভালক।
  • ধূমপান আৰু মদ্যপান এৰিবলৈ সাহায্য তথা উৎসাহিত কৰক।
  • চিকিৎসা কৰ্মীৰ সৈতে চিকিৎসা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰক আৰু ৰোগীৰ হৈ কথা কওক।
  • চিকিৎসালয়ৰ পৰা ওলোৱাৰ পাছৰ চিকিৎসাৰ পৰিকল্পনা আৰু যত্নৰ ধাৰাবাহিকতা নিশ্চিত কৰক।
  • নিয়মীয়া চিকিৎসা এপইণ্টমেণ্টৰ বাবে সময়সূচী থিৰাং কৰক।

 

উল্লেখ:

  1. Kitko L, McIlvennan CK, Bidwell JT, et al. Family Caregiving for Individuals With Heart Failure: A Scientific Statement From the American Heart Association. Circulation. 2020;141(22):e864-e878.