গ্ৰীল কৰা লেমন চিকেন
উপাদানসমূহ:
- চিকেনৰ বুকু (হাড়বিহীন, ছালবিহীন) – ২০০গ্ৰাম
- দৈ – ৩ চামুচ (৪৫-৫০গ্ৰাম)
- নেমুৰ ৰস – ২ চামুচ
- ধনীয়া – ৮-১০ টা পাত
- নহৰু – ২ টা ফুটা
- সৰিয়হৰ তেল – ২ চামুচ
- sশুকান অৰেগানো – ১ চামুচ
- নিমখ আৰু জলকীয়া - সোৱাদ অনুসৰি
পুষ্টিকাৰক মূল্য:
কেলৰি – 300 কিলোকেলৰি
প্ৰটিন - ৫৩গ্ৰাম
পদ্ধতি:
- বাটিটোত দৈ, মছলা, আদা নহৰুৰ পেষ্ট আৰু কুকুৰাৰ মাংস দি মেৰিনেচন প্ৰস্তুত কৰক, ভালদৰে লৰাই ভালদৰে আৱৰণ দিয়াটো নিশ্চিত কৰক।
- কেৰাহীত সৰিয়হৰ তেল গৰম কৰি তেলখিনি মেৰিনেচনত দিব।
- মিশ্ৰণটো ফ্ৰীজত অন্ততঃ ৩০ মিনিট, ভাল হ’লে কেইঘণ্টামান মেৰিনেট কৰিবলৈ দিব।
- গ্ৰীল পেন লওক – চিকেনটো ২০-২৫ মিনিটমান কোমল হোৱালৈকে সিজাই লওক।
- নেমুৰ ৰস আৰু সতেজ ধনীয়া দি সজাই লওক।