Humrahi

ভাৰতীয় যুৱক-যুৱতীসকলৰ ডিছলিপিডেমিয়া

তেজৰ চৰ্বি (লিপিড)ৰ মাত্ৰাৰ ভাৰসাম্যহীনতা ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত এক উদ্বেগজনক স্বাস্থ্যজনিত সমস্যা আৰু যিটো পৰম্পৰাগতভাৱে বয়স্ক প্ৰাপ্তবয়স্কৰ সৈতে সম্পৰ্কিত।

ডিছলিপিডেমিয়াৰ কাৰণসমূহ

  • শাৰীৰিকভাৱে নিষ্ক্ৰিয় জীৱনশৈলী: ব্যায়ামৰ অভাৱে চৰ্বি বা লিপিডৰ বিপাকীয় ক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলায়।
  • অস্বাস্থ্যকৰ আহাৰ: নৱ প্ৰজন্মৰ মাজত উচ্চ কেলৰিযুক্ত, প্ৰচেছড খাদ্য আৰু সংপৃক্ত চৰ্বি (ছেচ্যুৰেটেড ফেট) সেৱনৰ পৰিমাণ ব্যাপক।
  • মেদবহুলতা: যুৱ প্ৰজন্মৰ শৰীৰৰ অতিৰিক্ত ওজন দ্ৰুতগতিত বৃদ্ধি পাইছে।
  • জিনীয় বিজ্ঞান: জিনীয় পাৰ্থক্য আৰু পৰিয়ালৰ ইতিহাস যিবোৰে তেওঁলোকক ডিছলিপিডেমিয়াৰ প্ৰতি অধিক প্ৰৱণ কৰি তোলে

ডিছলিপিডেমিয়াৰ পৰিণতি

  • হৃদযন্ত্ৰৰ ৰোগ: উচ্চ মাত্ৰাত চৰ্বি (লিপিড) থাকিলে হৃৎপেশী সম্পৰ্কীয় ৰোগ যেনে- ক’ৰ’নাৰী ধমনী ৰোগ, হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • বিপাকীয় লক্ষণাৱলী: ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ইনচুলিন প্ৰতিৰোধ আৰু পেটৰ মেদবহুলতা হয়।
  • স্বাস্থ্যৰ ওপৰত পৰা দীৰ্ঘম্যাদী প্ৰভাৱ: কম বয়সীয়া ব্যক্তিৰ ক্ষেত্ৰত পিছৰ জীৱনত গুৰুতৰ পৰিণতি হ’ব পাৰে, যাৰ ফলত আয়ুস হ্ৰাস পাব পাৰে।

প্ৰতিৰোধমূলক ব্যৱস্থা

  • স্বাস্থ্যসন্মত জীৱনশৈলীৰ পৰিৱৰ্তন: নিয়মিত ব্যায়াম, শাৰীৰিক কাৰ্য্যকলাপ আৰু ফল-মূল, শাক-পাচলি, নকঢ়া বা অশোধিত শস্য আৰু কম চৰ্বিযুক্ত বা চৰ্বিহীন প্ৰ'টিনেৰে সমৃদ্ধ সুষম খাদ্যৰ লগতে প্ৰচেছড খাদ্য আৰু সংপৃক্ত চৰ্বি সীমিত কৰাটো গুৰুত্বপূৰ্ণ।
  • ওজন নিয়ন্ত্ৰণ: ব্যায়াম আৰু পুষ্টিকৰ খাদ্যৰ সংমিশ্ৰণৰ জৰিয়তে সুস্থ ওজন বজাই ৰখাটো অতি প্ৰয়োজনীয়।
  • নিয়মীয়া স্বাস্থ্য পৰীক্ষা: ভাৰতীয় যুৱক-যুৱতীসকলে প্ৰাৰম্ভিক পৰ্যায়তে নিয়মিত স্বাস্থ্য পৰীক্ষাক অগ্ৰাধিকাৰ দিব লাগে।
  • শিক্ষা আৰু সজাগতা: ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত ডিছলিপিডেমিয়াৰ বিপদ আৰু পৰিণতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ।

উল্লেখসমূহ:

  1. Dalal J, Deb PK, Shrivastava S, Rao MS, et al. Vascular Disease in Young Indians (20–40 Years): Role of Dyslipidemia J Clin Diagn Res. 2016;10(7):OE01-OE5.
  2. Sawant AM, Shetty D, Mankeshwar R, et al. Prevalence of dyslipidemia in the young adult Indian population The Journal of the Association of Physicians of India. 2008 Feb; 56:99–102. PMID: 18472509.

শেহতীয়া পোষ্ট