চিকেন কুইনোয়া চালাড
উপাদানসমূহ:
- চিকেনৰ বুকু -৫০ গ্ৰাম
- কুইনোয়া – ৩০গ্ৰাম
- বিলাহী -১/২ (৬৫ গ্ৰাম)
- সেউজীয়া জলকীয়া -১/৪ (৩০ গ্ৰাম)
- পিঁয়াজ - ৩/৪ কাপ (১৫০ গ্ৰাম)
- তেল - ১ চামুচ
- নেমুৰ ৰস -১ চামুচ
পুষ্টিকাৰক মূল্য:
কেলৰি – 260 কিলোকেলৰি
প্ৰটিন - ১৫.৫গ্ৰাম
পদ্ধতি:
- কুইনোয়া ৩-৪ ঘণ্টা তিয়াই থওক।
- কেৰাহী এখন লৈ ২ কাপ পানী আৰু এচিকুট নিমখ দিব। কুইনোয়া দি কোমল হোৱালৈকে সিজাব।
- চিকেনটো ১৫-২০ মিনিট প্ৰেচাৰ কুকাৰত ৰান্ধিব। ঢাকনিখন আঁতৰাই অলপ সময় ঠাণ্ডা হ’বলৈ দিব।
- ইয়াৰ মাজতে উল্লেখ কৰা সকলো শাক-পাচলি কাটি লওক।
- সকলোবোৰ একেলগে গোটাই লওক - এটা বাটিত কুইনোয়া, চিকেন আৰু কটা শাক একেলগে মিহলাই লওক, ৰুচি অনুসৰি ছিজনিং আৰু নেমুৰ ৰস দিব।
- সতেজ ধনীয়াৰে সজাই লওক।