হাৰ্ট এটেক হ’লে জীৱন সলনি হৈ পৰে আৰু বহু ব্যক্তিৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰে।
ই কিয় গুৰুত্বপূৰ্ণ?
- কলেষ্টেৰলৰ উচ্চ মাত্ৰাৰ ফলত ধমনীসমূহত চৰ্বি জমা হয়।
- যাৰ ফলত অৱশেষত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
- কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিলে ভৱিষ্যতে হৃদযন্ত্ৰ সম্পৰ্কীয় দূৰ্ঘটনা ৰোধ কৰিব পাৰি1।
কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰিক পৰামৰ্শ
- হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক:
নিজৰ আহাৰত অধিক ফল-মূল, শাক-পাচলি, নকঢ়া বা অশোধিত শস্য, কম চৰ্বিযুক্ত বা চৰ্বিহীন প্ৰ'টিন, বাদাম, বীজ আৰু অলিভ অইল অন্তৰ্ভুক্ত কৰক। ৰঙা মাংস, ভজা খাদ্য, আৰু সৰ নকটা দুগ্ধজাত সামগ্ৰীৰ সেৱন সীমিত কৰক।
- নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপত প্ৰবৃত্ত হওক
নিয়মিত ব্যায়াম যেনে- দ্ৰুত খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা বা যিকোনো ধৰণৰ এৰ’বিক ব্যায়াম যিয়ে আপোনাৰ হৃদস্পন্দন বৃদ্ধি কৰে।
- নিয়ম মতে ঔষধ খোৱা:
যদি নিদান দিয়া হৈছে তেন্তে সেইবোৰ নিৰ্দেশ অনুসৰি খাওক আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে বন্ধ নকৰিব। ষ্টেটিনৰ দৰে ঔষধ কলেষ্টেৰল হ্ৰাস কৰাত অতি ফলপ্ৰসূ হ’ব পাৰে2।2.
- ধূমপান বন্ধ কৰক আৰু মদ্যপান সীমিত কৰক::
ধূমপান এৰিবলৈ আৰু মদ্যপান সীমিত কৰিবলৈ সহায় লওক, কিয়নো এইবোৰৰ অত্যধিক সেৱনে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।
উল্লেখসমূহ:
- Gencer B, Giugliano RP. Management of LDL-cholesterol after an acute coronary syndrome: Key comparisons of the American and European clinical guidelines to the attention of the healthcare providers. Clin Cardiol. 2020;43(7):684-690.
- Million Hearts. https://millionhearts.hhs.gov/about-million-hearts/optimizing-care/cholesterol-management.html. Accessed 26June 2023