Humrahi

গ্ৰীল কৰা লেমন চিকেন

উপাদানসমূহ:

  • চিকেনৰ বুকু (হাড়বিহীন, ছালবিহীন) – ২০০গ্ৰাম
  • দৈ – ৩ চামুচ (৪৫-৫০গ্ৰাম)
  • নেমুৰ ৰস – ২ চামুচ
  • ধনীয়া – ৮-১০ টা পাত
  • নহৰু – ২ টা ফুটা
  • সৰিয়হৰ তেল – ২ চামুচ
  • sশুকান অৰেগানো – ১ চামুচ
  • নিমখ আৰু জলকীয়া - সোৱাদ অনুসৰি

পুষ্টিকাৰক মূল্য:

কেলৰি – 300 কিলোকেলৰি
প্ৰটিন - ৫৩গ্ৰাম

পদ্ধতি:

  1. বাটিটোত দৈ, মছলা, আদা নহৰুৰ পেষ্ট আৰু কুকুৰাৰ মাংস দি মেৰিনেচন প্ৰস্তুত কৰক, ভালদৰে লৰাই ভালদৰে আৱৰণ দিয়াটো নিশ্চিত কৰক।
  2. কেৰাহীত সৰিয়হৰ তেল গৰম কৰি তেলখিনি মেৰিনেচনত দিব।
  3. মিশ্ৰণটো ফ্ৰীজত অন্ততঃ ৩০ মিনিট, ভাল হ’লে কেইঘণ্টামান মেৰিনেট কৰিবলৈ দিব।
  4. গ্ৰীল পেন লওক – চিকেনটো ২০-২৫ মিনিটমান কোমল হোৱালৈকে সিজাই লওক।
  5. নেমুৰ ৰস আৰু সতেজ ধনীয়া দি সজাই লওক।

আপুনিও ভাল পাব পাৰে