মগু দাইল চিকেন পিজ্জা
উপাদানসমূহ:
- সেউজীয়া মগু দাইল – ১ কাপ,
- ওটছ [গুড়ি] – ২ চামুচ,
- চিকেন – ৫০গ্ৰাম,
- জলকীয়াৰ গুড়ি – ১ চামুচ,
- গৰম মছলা – ১ চামুচ,
- হালধীৰ গুড়ি – ১ চামুচ,
- দৈ – ১ চামুচ
- ধনীয়াৰ গুড়ি – ১ চামুচ,
- পিঁয়াজ – ১ [কটা],
- বিলাহী – 1⁄2 [গ্ৰেট কৰা],
- ধনীয়াৰ পাত - ২ চামুচ,
- কেপচিকাম – ২ চামুচ [সৰু টুকুৰা],
- গ্ৰেটেড পনিৰ/ চীজ – ২ চামুচ,
- জালুকৰ গুড়ি – ১ চামুচ,
- নিমখ – সোৱাদ অনুসৰি,
- তেল – ১ চামুচ
- জলকীয়াৰ টুকুৰা – ১ চামুচ
- অৰেগানো – ১ চামুচ
পুষ্টিকাৰক মূল্য:
কেলৰি – ৫২৪ কিলোকেলৰি
প্ৰটিন - ৪২গ্ৰাম
পদ্ধতি:
- ১ কাপ সেউজীয়া মগু দাইল ৰাতিটো তিয়াই থব
- পিছদিনা ৰাতিপুৱা অলপ পানী আৰু ওটছ দি পিহি পেষ্ট কৰি লওক।
- অলপ নিমখ দি ৩০ মিনিট ৰাখি দিব।
- এটা বাটিত চিকেন, চিলি পাউদাৰ, গৰম মছলা, ধনীয়া গুৰি, হালধি পাউদাৰ, দৈ, জালুকৰ পাউদাৰ আৰু নিমখ দি ৩০ – ৪০ মিনিট মেৰিনেট কৰি লওক।
- এখন ননষ্টিক কেৰাহীত তেল গৰম কৰক, তাত মেৰিনেট কৰা মাংসখিনি দি দুইফালে এক সোণালী বৰণ নহালৈকে ভালদৰে ভাজক, আৰু সৰু সৰু টুকুৰা কৰি দিয়ক।
- এটা বাটিত বিলাহী, চিকেন, পিয়াজ, কেপচিকাম আৰু ধনীয়া পাত, জালুকৰ গুড়ি আৰু নিমখ দি সকলোখিনি ভালদৰে মিহলাই লওক।
- এখন তাৱা / কেৰাহীত অলপ ঘিউ বা তেল দি মিশ্ৰণটো চেপেটা কৰি মেলি দি এটা বেচ/ভেটি গঠন কৰিব।
- টপিংছ আৰু গ্ৰেটেড পনীৰ/চিজ দি সেউজীয়া পাচলি আৰু জলকীয়াৰ ফ্লেক ছটিয়াই দিব। কেইমিনিটমানৰ বাবে ঢাকনিৰে ঢাকি দিব আৰু পিজ্জা পৰিবেশন কৰিবলৈ সাজু হ’ব।