Humrahi

ডায়েবেটিছৰ প্ৰতি থকা আপোনাৰ বিপদাশংকা আৰু আপুনি এই সন্দৰ্ভত কি কৰিব পাৰে জানি লওক

ডায়েবেটিছে সমগ্ৰ বিশ্বৰ প্ৰতি 10 জনৰ ভিতৰত প্ৰায় 1 জন লোকক প্ৰভাৱিত কৰিব বুলি অনুমান কৰা হৈছে। অৱশ্যে, ডায়েবেটিছত আক্ৰান্ত প্ৰায় 50% লোকৰ ৰোগ নিৰ্ণয় নোহোৱাকৈয়ে থাকে। আগতীয়াকৈ চিনাক্ত আৰু চিকিৎসা নকৰিলে ডায়েবেটিছে দৃষ্টিশক্তি হ্ৰাস, ৰক্তপৰিবহনতন্ত্ৰজনিত ৰোগ, বৃক্ক ৰোগ, স্নায়ুৰ ক্ষতি আৰু আনকি গৰ্ভাৱস্থাত হোৱা জটিলতাসমূহৰ দৰে গুৰুতৰ তথা জীৱনৰ বাবে সাম্ভাব্যৰূপে বিপদজনক সমস্যাবোৰলৈও ঠেলি দিব পাৰে।

আগতীয়া ৰোগ নিৰ্ণয় আৰু সঠিক চিকিৎসাই ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত আৰু ইয়াৰ জটিলতাবোৰ পলম কৰাত বা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এতেকে, আপোনাৰ এই ৰোগ হোৱাৰ আশংকাৰ বিষয়ে সজাগ হোৱাটো গুৰুত্বপূৰ্ণ যাতে সময়োচিত চিকিৎসা নিশ্চিত কৰিব পাৰি। ইয়াৰে কিছুমান বিপদ কাৰক জীৱনশৈলীৰ কেতবোৰ স্বাস্থ্যকৰ পৰিৱৰ্তন সাধন কৰি নিয়ন্ত্ৰণ কৰিব পাৰি যদিও কিছুমান কৰিব পৰা নাযায়।

ডায়েবেটিছৰ কিছুমান প্ৰধান বিপদ কাৰক ইয়াত দিয়া হৈছে:

পৰিয়ালৰ ইতিবৃত্ত: আপোনাৰ যদি পিতৃ-মাতৃ, ভাতৃ বা ভগ্নীৰ দৰে ডায়েবেটিছত আক্ৰান্ত তেজৰ সম্পৰ্ক থকা লোক আছে, তেন্তে আপোনাৰ এই ৰোগ বিকশিত হোৱাৰ আশংকা যথেষ্ট বেছি।

বয়স: বয়সৰ লগে লগে টাইপ 2 ডায়েবেটিছ হোৱাৰ আশংকা বাঢ়ি যায়, সাধাৰণতে মধ্যবয়সীয়া প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত দেখা দিয়ে।

ওজন: মেদবহুলতা বা মাত্ৰাধিক ওজন হৈছে এটা প্ৰধান বিপদ কাৰক। শৰীৰৰ ওজন 5% ৰপৰা 10% হ্ৰাস কৰিলে ডায়েবেটিছ বিকশিত হোৱাৰ আশংকা বহুখিনি কমি যায়।

শাৰীৰিক কাৰ্যকলাপ: প্ৰাক ডায়েবেটিছ আৰু টাইপ 2 ডায়বেটিছৰ ক্ষেত্ৰত শাৰীৰিক নিষ্ক্ৰিয়তা হৈছে এটা মূল বিপদ কাৰক। নিয়মীয়া শাৰীৰিক কাৰ্যকলাপে ডায়েবেটিছ আৰু হৃদৰোগৰ আশংকা বহুখিনি হ্ৰাস কৰা দেখা গৈছে। লক্ষ্য কৰি লওক:

  • সপ্তাহত অতি কমেও 150 মিনিট মধ্যমীয়া-তীব্ৰতাৰ এৰোবিক শাৰীৰিক কাৰ্যকলাপ কৰিবৰ বাবে;
  • নাইবা প্ৰতি সপ্তাহত 75 মিনিটৰ বাবে কঠোৰ-তীব্ৰতাৰ এৰোবিক শাৰীৰিক কাৰ্যকলাপ (অথবা দুয়োটাৰে এক সংমিশ্ৰণ) কৰিবৰ বাবে;
  • আৰু প্ৰতি সপ্তাহত অতি কমেও দুদিন মাংসপেশী শক্তিশালী কৰা ব্যায়াম কৰিবৰ বাবে।

ৰক্তচাপ: চিকিৎসা নকৰাকৈ থোৱা উচ্চ ৰক্তচাপে ৰক্তপৰিবহন তন্ত্ৰ আৰু বৃক্কদ্বয় ক্ষতিগ্ৰস্ত কৰিব পাৰে। ডায়েবেটিছ আৰু উচ্চ বিপি থকা লোকসকলে 130/80 mm Hg তকৈ কম বিপি বৰ্তাই ৰাখিব লাগে।

পথ্য বা আহাৰ: প্ৰাক ডায়েবেটিছ আৰু টাইপ 2 ডায়বেটিছৰ ক্ষেত্ৰত আহাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিপদ কাৰকবোৰৰ ভিতৰত অন্যতম। অধিক চৰ্বি, কেল'ৰি আৰু কলেষ্টেৰ'ল থকা আহাৰে আপোনাৰ ডায়েবেটিছৰ বিপদাশংকা বৃদ্ধি কৰে। উপযুক্ত পৰিমাণত আৰু নিৰ্দিষ্ট সময়ত পুষ্টিকৰ খাদ্য ভোজন কৰাটোৱে ব্লাড ছুগাৰৰ মাত্ৰাসমূহ প্ৰত্যাশিত পৰিসৰৰ ভিতৰত ধৰি ৰখাত সহায় কৰে। ফল-মূল আৰু শাক-পাচলি, সকলো ধৰণৰ শস্য, ছালবিহীন হাঁহ-কুকুৰা, মাছ, মাহজাতীয় শস্য, শীতপ্ৰধান অঞ্চলৰ বনস্পতি তেল আৰু নিমখবিহীন বাদাম আৰু বীজসমূহ খাব।

ধূমপান: ধূমপান নকৰা লোকসকলৰ তুলনাত ধূমপান কৰাসকলৰ টাইপ 2 ডায়বেটিছ হোৱাৰ সম্ভাৱনা 30-40% অধিক হয়। ধূমপান নকৰিব। আপোনাৰ ধূমপান ত্যাগত সহায় কৰিবলৈ পৰামৰ্শ বিচাৰি আপোনাৰ চিকিৎসকৰ লগত আলোচনা কৰক।

মাদকদ্ৰব্য: মাদকদ্ৰব্যৰ অত্যাধিক সেৱনে আপোনাৰ অগ্ন্যাশয় আৰু যকৃতৰ ক্ষতি কৰিব পাৰে। আপোনাৰ মাদকদ্ৰব্য সেৱন মধ্যমীয়া কৰক নাইবা ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰক।

মানসিক চাপ আৰু সুস্থতা: আমাৰ জীৱনৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যকৰ জীৱনযাপনৰ এক গুৰুত্বপূৰ্ণ অংগ, কেৱল ডায়েবেটিছৰ বাবেই নহয়, হৃদৰোগ আৰু অন্য বহুতো সমস্যাৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। আপোনাৰ মানসিক চাপৰ কাৰণবোৰ চিনাক্ত কৰি সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি উপভোগ কৰা কামবোৰৰ বাবে সময় উলিয়াই ল'ব। যথেষ্ট পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰক আৰু আপোনাৰ দিনচৰ্যাত ব্যায়াম, বিশ্ৰাম তথা অৱসৰ-বিনোদনৰ সময় অন্তৰ্ভুক্ত কৰক।

টোপনি: টাইপ 2 ডায়েবেটিছ থকা লোকসকলৰ ক্ষেত্ৰত মাত্ৰাধিক A1C-ৰ সৈতে অতি কম বা অত্যাধিক টোপনিৰ সম্পৰ্ক আছে। আপুনি নিশাৰ ভাগত সাতৰ পৰা ন ঘণ্টা টোপনি যোৱাটো নিশ্চিত কৰি টোপনিৰ এখন নিয়মীয়া সময়সূচী পালন কৰিবলৈ চেষ্টা কৰিব।
আপোনাৰ বিপদ কাৰকবোৰ জনাৰ লগতে জীৱনশৈলীৰ কেতবোৰ স্বাস্থ্যকৰ পৰিৱৰ্তনে টাইপ 2 ডায়বেটিছ আৰু ইয়াৰ জটিলতাবোৰ পলমকৈ দেখা দিয়াত বা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।(62,63)