এটা অত্যাৱশ্যকীয় যোগসূত্ৰ: ঔষধ-পাতিৰ নীতি নিয়ম মানি চলা আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ
টাইপ 2 ডায়েবেটিছ (T2D) হৈছে এবিধ দূৰাৰোগ্য (দীৰ্ঘ স্থায়ী) ব্যাধি। এজন ব্যক্তিৰ ডায়েবেটিছ যিমানেই দীঘলীয়া হ'ব, ৰোগবিধে শৰীৰৰ বিভিন্ন কাৰ্যক্ষমতাক প্ৰভাৱিত কৰাৰ সম্ভাৱনা সিমানেই অধিক হ'ব আৰু ডায়েবেটিছৰ সৈতে জড়িত জটিলতাবোৰলৈ ঠেলি দিব। অৱশ্যে, জীৱনশৈলীৰ কেতবোৰ স্বাস্থ্যকৰ পৰিৱৰ্তন সাধন কৰি, নিয়মীয়া স্বাস্থ্য-পৰীক্ষা কৰি আৰু ঔষধ-পাতিৰ নিৰ্ধাৰিত সময়সূচী মানি চলি যেনে হৃদযন্ত্ৰ, বৃক্ক আৰু চকুৰ ৰোগৰ দৰে ডায়েবেটিছৰ সৈতে জড়িত থকা জটিলতাবোৰৰ আশংকা হ্ৰাস কৰিব পাৰি। ঔষধ-পাতিৰ নীতি নিয়ম মানি চলাৰ অৰ্থ হৈছে আপোনাৰ ঔষধবোৰ নিদান মতে – সঠিক পালিত, সঠিক সময়ত, সঠিক পদ্ধতি তথা ব্যৱধানত গ্ৰহণ কৰা। আপোনাৰ নিৰ্ধাৰিত ঔষধ-পাতি ৰুটিন মতে নোলোৱাৰ ফলত আপোনাৰ অসুখটো অধিক শোচনীয় হৈ উঠিব পাৰে। উন্নত দেশবোৰত, মাত্ৰ 50%ৰ অধিক ৰোগীয়েহে নিদান হিচাপে আগবঢ়োৱা ঔষধ-পাতিৰ নীতি-নিয়মবোৰ মানি চলে, আনহাতে উন্নয়নশীল দেশবোৰত ইয়াৰ পৰিমাণ তাতকৈও কম হৈ আছে। টাইপ 2 ডায়েবেটিছ থকা অতি কমেও 45% ৰোগীয়ে পৰ্যাপ্ত গ্লাইচেমিক নিয়ন্ত্ৰণ (HbA1c <7%) লাভ কৰাত ব্যৰ্থ হয় আৰু এই ক্ষেত্ৰত অৰিহণা যোগোৱা এটা মুখ্য কাৰক হৈছে ঔষধ-পাতি লোৱাৰ নীতি-নিয়ম অতি হীনভাৱে মানি চলা। ডায়েবেটিছ থকা লোকসকলৰ প্ৰায়ে একাধিক চিকিৎসাজনিত সমস্যা থাকে আৰু বহুবিধ ঔষধ গ্ৰহণ কৰে। সেয়েহে, তেওঁলোক চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ গ্ৰহণ নকৰা বা আধা পালি ঔষধ লোৱা বা অনুচিত সময়ত অনুচিত মাত্ৰাৰ ঔষধ পালি গ্ৰহণ কৰাৰ দৰে ঔষধৰ সৈতে জড়িত সমস্যাবোৰত পৰাৰ অধিক বিপদাশংকা থাকিব পাৰে। ৰোগীসকলে তেওঁলোকৰ ঔষধবোৰ নিদান মতে গ্ৰহণ নকৰিলে, তেওঁলোকে ব্লাড ছুগাৰৰ মাত্ৰা হ্ৰাস কৰা যি স্বাস্থ্যজনিত লক্ষ্য তাত উপনীত হ'বৰ বাবে কষ্ট কৰিবলগীয়া হ'ব পাৰে, যি অৱস্থাটো অধিক জটিল কৰি তুলিব পাৰে। ডায়েবেটিছ ঔষধৰ নীতি-নিয়মবোৰ মানি নচলাৰ বিভিন্ন কাৰণ আছে:
- চিকিৎসকসকলে দিয়া নিৰ্দেশনাবোৰ বুজি নোপোৱা
- কথা পাহৰি যোৱা
- বিভিন্ন নিয়মত ল'বলগীয়া একাধিক ঔষধ
- অপ্ৰীতিকৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াসমূহ
- ঔষধে কাম কৰা নাই যেন লগা
- খৰচ – ৰোগীসকলে তেওঁলোকৰ নিদানপত্ৰসমূহত দিয়া গোটেইবোৰ ঔষধ সম্পূৰ্ণকৈ কিনিব নোৱৰা বা নিদানিত ঔষধবোৰ বেছি দিন যাবৰ বাবে নিৰ্ধাৰিত মাত্ৰাতকৈ কমকৈ সেৱন কৰা
- ছুগাৰ নিয়ন্ত্ৰণত আছে বুলি অনুভৱ কৰা। ইয়াত কেইটামান পৰামৰ্শ দিয়া হৈছে যি আপোনাৰ ঔষধৰ সময়সূচী মানি চলাত আপোনাক সহায় কৰিব পাৰে:
- আপোনাৰ ঔষধৰ ৰুটিনখন বুজি ল'ব। আপোনাৰ কিবা সন্দেহ থাকিলে চিকিৎসকসকলক সুধি ল'ব।
- আপোনাৰ ঔষধ-পাতি প্ৰত্যেক দিনে একেটা সময়তে ল'ব।
- আপুনি প্ৰত্যেক দিনাই একেটা সময়তে কৰা এটা কাৰ্যকলাপৰ যোগেদি ঔষধ গ্ৰহণ কৰিব যেনে আপোনাৰ দাঁত ব্ৰাছ কৰা বা শুবলৈ সাজু হোৱা।
- আপোনাৰ চেল ফোন বা ঘড়ীত দিয়া এটা এলাৰ্মে এক সহায়ক ৰিমাইণ্ডাৰ প্ৰদান কৰিব পাৰে।
- এখন কেলেণ্ডাৰ বা ঔষধৰ দিনপত্ৰিকা ব্যৱহাৰ কৰিব আৰু আপুনি ঔষধৰ প্ৰতিটো পালি কেতিয়া ল'লে পৰীক্ষা কৰিব। ই আপোনাক ঔষধ পালি ল'বলৈ পাহৰি যোৱাটো বা অতিৰিক্ত পালি লোৱাটো পৰিহাৰ কৰাত সহায় কৰিব পাৰে।
- বিভিন্ন সময়ত ল'বলগীয়া একাধিক পালি ঔষধৰ বাবে কেইবাটাও ভাগ থকা এটা পিল ৰখা পাত্ৰ ব্যৱহাৰ কৰিলে ভাল, যেনে ৰাতিপুৱা, দুপৰীয়াৰ আহাৰ, সন্ধিয়া আৰু নিশা।
- ঔষধবোৰ সহজে বিচাৰি পোৱাকৈ এখন সুৰক্ষিত ঠাইত থাকিবলৈ দিব।
- ইফালে-সিফালে যোৱাৰ সময়ত, আপোনাৰ লগত পৰ্যাপ্ত ঔষধ-পাতি লৈ যোৱাটো নিশ্চিত কৰিব, লগতে যদি ঘূৰি অহাত কেনেবাকৈ পলম হয়, তাৰ বাবেও কেইদিনমানৰ বাবে অতিৰিক্ত ঔষধ লগত ল'ব।
- আপুনি যদি বিমানত যায়, তেন্তে বস্তু-বেহানি হেৰুওৱাৰপৰা ৰক্ষা পাবলৈ ঔষধ-পাতিবোৰ আপোনাৰ হাতৰ মোনাটোত ৰাখিব।
- আপুনি নিজাকৈ ঔষধ লোৱাটো বন্ধ নকৰিব। ঔষধ-পাতিত যিকোনো সাল-সলনি কৰিবৰ বাবে আপোনাৰ চিকিৎসকসকলৰ লগত আলোচনা কৰিব।


