কলেষ্টেৰলৰ মাত্ৰা অধিক হ’লে হৃদৰোগ আৰু হৃৎপেশী সম্পৰ্কীয় অন্যান্য ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেয়েহে, তেওঁলোকে খোৱা খাদ্যৰ প্ৰকাৰৰ প্ৰতি গুৰুত্ব দিব লাগে। তলত আঠটা পুষ্টি সম্বন্ধীয় পৰামৰ্শ দিয়া হৈছে, যিবোৰ মানি চলিলে ব্যক্তিসকলৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সাহায্য কৰে।
- এভোকেডো, অলিভ অইল, বাদাম আৰু বীজত পোৱা অসংপৃক্ত চৰ্বিয়ে এইচ.ডি.এল.(HDL) (ভাল) কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
- আপোনাৰ খাদ্য তালিকাত ওটছ, নকঢ়া চাউল (ব্ৰাউন ৰাইচ) আৰু কিনোৱাৰ দৰে নকঢ়া বা অশোধিত শস্যৰ লগতে ফল-মূল, শাক-পাচলি আৰু মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰক।
- উচ্চ চৰ্বিযুক্ত মাংসৰ ঠাইত কম চৰ্বিযুক্ত বা চৰ্বিহীন প্ৰ'টিনৰ উৎস যেনে- ছাল গুচোৱা হাঁহ-কুকুৰা, মাছ, টোফু আৰু মাহজাতীয় শস্য ব্যৱহাৰ কৰক।
- ছালমন, ট্ৰাউট আৰু মেকেৰেলৰ দৰে চৰ্বিযুক্ত মাছ বা মাছৰ তেল বা ওমেগা-3 ফেটি এচিড পৰিপূৰকে সেই বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰিব পাৰে।
- প্ৰচেছড আৰু ভজা খাদ্য, পেষ্ট্ৰি আৰু চৰ্বিযুক্ত মাংসৰ পৰিমাণ কম কৰক।
- এন্টিঅক্সিডেন্ট, আঁহযুক্ত খাদ্য আৰু অন্যান্য হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ পুষ্টিকৰ উপাদান যেনে- বেৰী, সেউজীয়া শাক-পাচলি, নেমুজাতীয় ফল, ব্ৰকলি আৰু গজালি ওলোৱা মাহ খাব।
- খাদ্যৰ পৰিমাণৰ প্ৰতি গুৰুত্ব দিয়ক: অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু সৰু প্লেট ব্যৱহাৰ কৰক।
- প্ৰচেছড খাদ্য, চেনিযুক্ত লঘু আহাৰ, মিঠা পানীয়ৰ পৰিমাণ কম কৰক।
আপোনাৰ খাদ্যাভ্যাসত সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতা উন্নত কৰাৰ দিশত এক সক্ৰিয় পদক্ষেপ ল’ব পাৰে।
উল্লেখসমূহ:
- Mayo Clinic Staff. (2022, April 28). 8 steps to a heart-healthy diet. Mayo Clinic. https://www.mayoclinic.org/diseases-conditions/heart-disease/in-depth/heart-healthy-diet/art-20047702. Accessed on 26June 2023
- American Heart Association. (2021, November 1). The American Heart Association’s Diet and Lifestyle Recommendations. Www.heart.org. https://www.heart.org/en/healthy-living/healthy-eating/eat-smart/nutrition-basics/aha-diet-and-lifestyle-recommendations. Accessed on 26June 2023
- Heart-Healthy Living – Choose Heart-Healthy Foods | NHLBI, NIH. (2022, March 24). Www.nhlbi.nih.gov. https://www.nhlbi.nih.gov/health/heart-healthy-living/healthy-foods. Accessed on 26 June 2023